80s toys - Atari. I still have
মুখ্য পৃষ্ঠা
13/09/25United States18:28

• ফাগুনৰ উক্তি •

ভালপাওঁ বুলি নকলোয়ে বাৰু
তাতেনো কিয় এনেকৈ অভিমান কৰা ;
শিমলু পলাশ দাল ভৰি ফুলিছে
এইয়া যে মোৰেই ভালপোৱা |

বৰষুণ হৈ নাহিলোয়ে বাৰু
তাতেনো কিয় মন মাৰি আছা ;
বসন্তলৈ দিনচেৰেক অপেক্ষা কৰা
সেউজীয়া বোৰ আকৌ দেখিবা |

ধূলিময় পদূলিত মদাৰ সৰিছে
তুমি গচকিবা জানোচা ;
ৰাঙলী দলিচাত হাত বুলাই
মোৰ দুখত তুমি নাকান্দিবা |

মলয়া হৈ চুই চালো তোমাৰ দুগাল
লাজুকী আভা পৰিলে জিলিকি ;
নীলাজ হৈনো কেনেকৈ জোকাওঁ
বোৱাৰী পুৱাতে ন কন্যাৰ ওৰণী দেখি |

শুভ্ৰ শিমলু তুলা হৈ উৰি আহিছো
লোৱা মোক দুহাতে আকোৱালি ;
স্বপ্ন নহয় এতিয়া মই
নকৰো দীঘল চুলি টাৰি আউলি বাউলি |

___ৰাজু কলিতা

19/02/15